মোবাইল ৰিচাৰ্জ হ’ব সুলভ; TRAI-ৰ নতুন পৰিকল্পনাৰ দ্বাৰা কোন লাভান্বিত হ’ব, জানক
⭕গ্ৰাহকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই (TRAI) এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ট্ৰায়ে ‘দূৰসংযোগ গ্ৰাহক সুৰক্ষা নিয়মাৱলী, ২০২৬’ (Telecom Consumers Protection Regulations, 2026)-ৰ এটা নতুন খচৰা জাৰি কৰিছে। বৰ্তমান সময়ত মোবাইল ৰিচাৰ্জ যথেষ্ট ব্যয়বহুল হৈ পৰিছে। ব্যয়বহুল ৰিচাৰ্জৰ বাবে সাধাৰণ লোকৰ বাজেটত ব্যাঘাত জন্মিছে। ইয়াৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ লোকসকল অধিক প্ৰভাৱিত হৈছে। কিন্তু এতিয়া ট্ৰাইৰ নতুন পৰিকল্পনাৰ ফলত মোবাইল ৰিচাৰ্জ সস্তা হ’বলৈ গৈ আছে। আচলতে বৰ্তমান সময়ত গ্ৰাহকসকলক সকলো ৰিচাৰ্জ ডেটা প্লাংক (Data Plan) সাঙুৰি দিয়া হয়। ইচ্ছা নাথাকিলেও তেওঁলোকে ডেটা প্লান ল’বলগীয়া হয়। আনহাতে সমাজৰ এনে এটা শ্ৰেণীও আছে যাৰ ডেটাৰ প্ৰয়োজন নাই, তথাপিও তেওঁলোকে এই ৰিচাৰ্জ কৰিবলগীয়া হয়। কিন্তু এতিয়াৰ পৰা তেনে নহ’ব। দৰাচলতে, নিয়ন্ত্ৰণকাৰী সংস্থা ট্ৰায়ে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই ডাঙৰ পদক্ষেপ লৈছে। ট্ৰায়ে ‘দূৰসংযোগ গ্ৰাহক সুৰক্ষা নিয়মাৱলী, ২০২৬’-ৰ নতুন খচৰা প্ৰস্তুত কৰিছে। যাৰ মূল উদ্দেশ্য হৈছে— 'যদি ডেটাৰ প্ৰয়োজন নাই, তেন্তে তাৰ বাবে পইচা কিয়...