অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা: ২৬টা সমষ্টিৰ নাম চূড়ান্ত


গুৱাহাটী, ১৯ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে আঞ্চলিক শক্তি অসম গণ পৰিষদ (অগপ)। আজি দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰথমখন গুৰুত্বপূৰ্ণ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। দলৰ সভাপতি অতুল বৰাৰ স্বাক্ষৰিত এই তালিকাত মুঠ ২৬ জন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা

প্ৰাৰ্থী তালিকাৰ বিশেষ আকৰ্ষণ:

ঘোষিত তালিকাখনত দলৰ হেভীৱেট নেতাৰ লগতে কেইবাজনো নতুন মুখক স্থান দিয়া হৈছে। বিশেষকৈ বোকাখাতৰ পৰা পুনৰ দলৰ সভাপতি অতুল বৰা আৰু কলিয়াবৰৰ পৰা জ্যেষ্ঠ নেতা কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ সমষ্টি আৰু প্ৰাৰ্থী:

বঙাইগাঁও: দীপ্তিময়ী চৌধুৰী

বৰপেটা: দীপক কুমাৰ দাস

তেজপুৰ: পৃথ্বিৰাজ ৰাভা

বজালী: ধৰ্মেশ্বৰ ৰায়

পাকা বেতবাৰী: ডাঃ ভৱা প্ৰসাদ দাস

হাজো-শুৱালকুছি: প্ৰকাশ চন্দ্ৰ দাস

সংখ্যালঘু অধ্যুষিত অঞ্চলত গুৰুত্ব:

এইবাৰ অগপই সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহতো বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে। দক্ষিণ কৰিমগঞ্জত ইকবাল হুছেইন, মানকাচৰত জাভেদ ইছলাম, আৰু চেঙাত ছাদ্দাম হুছেইনক দলীয় টিকট প্ৰদান কৰা হৈছে।

এক নজৰত আন কেইজনমান প্ৰাৰ্থী:

যমুনামুখ - চহিদুল ইছলাম

জনিযা - নুৰুল ইছলাম

জলেশ্বৰ - আবু শ্বাস শ্বাহি হোছেইন

গোৱালপাৰা পূব - আব্দুল ৰহিম জিব্ৰান

আজিৰ এই প্ৰাৰ্থী তালিকা ঘোষণাৰ লগে লগে দলটোৰ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, "ঐক্য, শান্তি, প্ৰগতি"ৰ শ্ল’গানেৰে এইবাৰ অগপই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

মন্তব্যসমূহ

ALL AAOINL24 NEWS

জালুকবাৰীত যাত্ৰীক প্ৰতাৰণা: মাজপথত বাছ কণ্ডাক্টৰৰ গুণ্ডাগিৰি, আক্ৰমণৰ চেষ্টা

দেশত পুনৰ মূল্যবৃদ্ধিৰ কোব: আকাশলংঘী হ’ল পেট্ৰ’ল-ডিজেলৰ দাম

প্ৰাপ্য ধন বিচাৰি ভাবুকিৰ সন্মুখীন মৰাণৰ এজন শ্রমিক: সহায়ৰ আহ্বান

টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা: জেচিবি আৰু বাইকৰ মুখামুখি সংঘৰ্ষত তিনি যুৱক গুৰুতৰভাৱে আহত

অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

মধ্যপ্ৰদেশৰ ছিংলাউলী জিলাত অৱস্থিত আদানি পাৱাৰ প্লাণ্টত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঝাৰখণ্ডৰ বাসিন্দা লল্লন সিং নামৰ শ্ৰমিকগৰাকীৰ মৃত্যুৰ পাছতে শনিবাৰে প্লাণ্ট চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

মোবাইল ৰিচাৰ্জ হ’ব সুলভ; TRAI-ৰ নতুন পৰিকল্পনাৰ দ্বাৰা কোন লাভান্বিত হ’ব, জানক

ৰৌমাৰীত দেশপ্ৰেমৰ অনন্য নিদৰ্শন: বীৰ জোৱানসকলক সন্মান জনাই তিনিদিনীয়া সাংস্কৃতিক সন্মিলনৰ আয়োজন

কাৰ্বি আংলংত ৰাইজৰ হাতত আটক ৫ জনীয়া গৰু চোৰৰ দল