মোবাইল ৰিচাৰ্জ হ’ব সুলভ; TRAI-ৰ নতুন পৰিকল্পনাৰ দ্বাৰা কোন লাভান্বিত হ’ব, জানক

⭕গ্ৰাহকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই (TRAI) এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ট্ৰায়ে ‘দূৰসংযোগ গ্ৰাহক সুৰক্ষা নিয়মাৱলী, ২০২৬’ (Telecom Consumers Protection Regulations, 2026)-ৰ এটা নতুন খচৰা জাৰি কৰিছে। বৰ্তমান সময়ত মোবাইল ৰিচাৰ্জ যথেষ্ট ব্যয়বহুল হৈ পৰিছে। ব্যয়বহুল ৰিচাৰ্জৰ বাবে সাধাৰণ লোকৰ বাজেটত ব্যাঘাত জন্মিছে। ইয়াৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ লোকসকল অধিক প্ৰভাৱিত হৈছে। কিন্তু এতিয়া ট্ৰাইৰ নতুন পৰিকল্পনাৰ ফলত মোবাইল ৰিচাৰ্জ সস্তা হ’বলৈ গৈ আছে। আচলতে বৰ্তমান সময়ত গ্ৰাহকসকলক সকলো ৰিচাৰ্জ ডেটা প্লাংক (Data Plan) সাঙুৰি দিয়া হয়। ইচ্ছা নাথাকিলেও তেওঁলোকে ডেটা প্লান ল’বলগীয়া হয়। আনহাতে সমাজৰ এনে এটা শ্ৰেণীও আছে যাৰ ডেটাৰ প্ৰয়োজন নাই, তথাপিও তেওঁলোকে এই ৰিচাৰ্জ কৰিবলগীয়া হয়। কিন্তু এতিয়াৰ পৰা তেনে নহ’ব। দৰাচলতে, নিয়ন্ত্ৰণকাৰী সংস্থা ট্ৰায়ে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই ডাঙৰ পদক্ষেপ লৈছে। ট্ৰায়ে ‘দূৰসংযোগ গ্ৰাহক সুৰক্ষা নিয়মাৱলী, ২০২৬’-ৰ নতুন খচৰা প্ৰস্তুত কৰিছে। যাৰ মূল উদ্দেশ্য হৈছে— 'যদি ডেটাৰ প্ৰয়োজন নাই, তেন্তে তাৰ বাবে পইচা কিয় দিব?' ট্ৰায়ে এতিয়া এই সন্দৰ্ভত সকলো পক্ষৰ পৰা পৰামৰ্শ বিচাৰিছে, যাৰ পিছত ইয়াক চূড়ান্ত ৰূপ দিয়া হ’ব।
TRAI-ৰ নতুন প্ৰস্তাৱটো কি? বৰ্তমান টেলিকম কোম্পানীসমূহৰ ৰিচাৰ্জ প্লানৰ বাবে বহু গ্ৰাহকে বাধ্য হৈ ডেটা থকা ব্যয়বহুল প্লান ক্ৰয় কৰিবলগীয়া হয়। এতিয়া ট্ৰায়ে প্ৰস্তাৱ দিছে যে কোম্পানীসমূহে যিমান দিনৰ বৈধতাৰ (যেনে ৭, ২৮, ৫৬ বা ৮৪ দিন) ডেটা প্লান আনিব, সমপৰিমাণৰ সময়ৰ বাবে ‘কেৱল কল আৰু এছএমএছ’ (Voice and SMS only) থকা প্লানো আনিব লাগিব। অৰ্থাৎ একেই বৈধতাৰ সৈতে কেৱল ভয়েচ আৰু কেৱল এছএমএছ প্লানো মুকলি কৰিব লাগিব। ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে অতিৰিক্ত পইচা ভৰিব নালাগিব। ম’বাইল প্লানসমূহৰ ৫০ ৰ পৰা ৭০ শতাংশ খৰচ কেৱল ডেটাৰ বাবেই হয়, গতিকে এই নতুন নিয়ম কাৰ্যকৰী হ’লে কেৱল কল-এছএমএছ থকা প্লানৰ মূল্য আধাতকৈও কম হৈ পৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি ৩০০ টকাৰ এটা প্লান ৰিচাৰ্জ কৰে, তেন্তে ইয়াৰ মূল্য ১০০ ৰ পৰা ১৫০ টকালৈ হ্ৰাস পাব। নতুন ৰিচাৰ্জ প্লানৰ দ্বাৰা কোন লাভান্বিত হ’ব? এই নতুন ৰিচাৰ্জ প্লানৰ দ্বাৰা সেইসকল গ্ৰাহক লাভান্বিত হ’ব যিসকলে ডেটা ব্যৱহাৰ নকৰে। ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা লাভ কৰিব ফীচাৰ ফোন (Feature phone) ব্যৱহাৰকাৰীসকলে। ইয়াৰ উপৰিও যিসকলে নিজৰ দ্বিতীয়টো চিম (Second SIM) সক্ৰিয় কৰি ৰাখিব বিচাৰে, তেওঁলোকৰ বাবেও ই লাভজনক প্ৰমাণিত হ’ব। একেদৰে, ডেটা ব্যৱহাৰ নকৰা জ্যেষ্ঠ নাগৰিকসকলেও ইয়াৰ পৰা যথেষ্ট সুবিধা পাব। অৱশ্যে, ৰিচাৰ্জৰ চূড়ান্ত মূল্য টেলিকম কোম্পানীসমূহেহে নিৰ্ধাৰণ কৰিব। এই খচৰাটো বৰ্তমান ট্ৰাইৰ ৱেবছাইটত উপলব্ধ আছে। নিয়ম প্ৰণয়ন হোৱাৰ পিছত কোম্পানীসমূহক ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সময় দিয়া হ’ব। ইয়াৰ ফলত দূৰসংযোগ কোম্পানীসমূহৰ মাজত প্ৰতিযোগিতা বৃদ্ধি পাব, যাৰ ফলত গ্ৰাহকৰ বাবে কম খৰচৰ একাধিক বিকল্প মুকলি হ’ব।

মন্তব্যসমূহ

ALL AAOINL24 NEWS

জালুকবাৰীত যাত্ৰীক প্ৰতাৰণা: মাজপথত বাছ কণ্ডাক্টৰৰ গুণ্ডাগিৰি, আক্ৰমণৰ চেষ্টা

দেশত পুনৰ মূল্যবৃদ্ধিৰ কোব: আকাশলংঘী হ’ল পেট্ৰ’ল-ডিজেলৰ দাম

প্ৰাপ্য ধন বিচাৰি ভাবুকিৰ সন্মুখীন মৰাণৰ এজন শ্রমিক: সহায়ৰ আহ্বান

অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা: ২৬টা সমষ্টিৰ নাম চূড়ান্ত

টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা: জেচিবি আৰু বাইকৰ মুখামুখি সংঘৰ্ষত তিনি যুৱক গুৰুতৰভাৱে আহত

অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

মধ্যপ্ৰদেশৰ ছিংলাউলী জিলাত অৱস্থিত আদানি পাৱাৰ প্লাণ্টত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঝাৰখণ্ডৰ বাসিন্দা লল্লন সিং নামৰ শ্ৰমিকগৰাকীৰ মৃত্যুৰ পাছতে শনিবাৰে প্লাণ্ট চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

ৰৌমাৰীত দেশপ্ৰেমৰ অনন্য নিদৰ্শন: বীৰ জোৱানসকলক সন্মান জনাই তিনিদিনীয়া সাংস্কৃতিক সন্মিলনৰ আয়োজন

কাৰ্বি আংলংত ৰাইজৰ হাতত আটক ৫ জনীয়া গৰু চোৰৰ দল