দেশত পুনৰ মূল্যবৃদ্ধিৰ কোব: আকাশলংঘী হ’ল পেট্ৰ’ল-ডিজেলৰ দাম
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী: সাধাৰণ জনতাৰ ওপৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ শোধাই দেশত হঠাৎ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ তৰফৰ পৰা দিয়া জাননী অনুসৰি, পেট্ৰ’লৰ লগতে বিশেষকৈ ঔদ্যোগিক ডিজেলৰ দামত অভাৱনীয় পৰিৱৰ্তন দেখা গৈছে।
মূল্যবৃদ্ধিৰ এক নজৰ:প্ৰিমিয়াম পেট্ৰ’ল: প্ৰতি লিটাৰত ২.৩৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে। ইয়াৰ লগে লগে ইথানল মিশ্ৰিত পেট্ৰ’লৰ দামো উৰ্ধমুখী হৈছে।
ডিজেলৰ ব্যাপক বৃদ্ধি: আটাইতকৈ বেছি প্ৰভাৱ পৰিছে ডিজেলৰ মূল্যত। পূৰ্বৰ ৮৭.৫৭ টকাৰ পৰা বৃদ্ধি পাই ডিজেলৰ নতুন দাম হৈছেগৈ প্ৰতি লিটাৰত ১০৯.৫১ টকা। অর্থাৎ প্ৰতি লিটাৰত প্ৰায় ২১.৯৪ টকাৰ এক বিশাল জাঁপ মাৰিছে ডিজেলৰ দৰ।
ঔদ্যোগিক ডিজেল: উদ্যোগ খণ্ডত ব্যৱহৃত ডিজেলৰ দামো প্ৰতি লিটাৰত ২২ টকাকৈ বৃদ্ধি কৰা হৈছে।
এই নতুন মূল্যবৃদ্ধিৰ ফলত পৰিবহণ খণ্ডত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বিশেষকৈ ডিজেলৰ দাম এককালীনভাৱে ইমান বেছি বৃদ্ধি হোৱাৰ বাবে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ আশংকাত এতিয়া সাধাৰণ জনতা চিন্তিত হৈ পৰিছে।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন