টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা: জেচিবি আৰু বাইকৰ মুখামুখি সংঘৰ্ষত তিনি যুৱক গুৰুতৰভাৱে আহত

টিহু, ১৮ মাৰ্চ: ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাই এতিয়া জনসাধাৰণক শংকিত কৰি তুলিছে। আজি টিহু চকৰ সমীপৰ বেজকুচিত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত তিনিগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়।


AS-14-U-0970 নম্বৰৰ এখন এপাচি (Apache) বাইকত উঠি তিনিজন যুৱক টিহু চকৰ পৰা পাটাছাৰকুছি অভিমুখে গৈ আছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন জেচিবি (JCB)ৰ সৈতে বাইকখনৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে বাইকখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

আহত যুৱকসকল:

এই দুৰ্ঘটনাত আহত হোৱা তিনিগৰাকী যুৱক ক্ৰমে—

১/ প্ৰাঞ্জল কলিতা

২/ কৃষ্ণ দাস

৩/ পিংকু দাস

আহত তিনিওগৰাকী যুৱক টিহু চকৰ নাথকুছি বাসিন্দা বুলি জানিব পৰা গৈছে।


ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে। টিহু আৰক্ষীৰ এটা দল তৎকালিনভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু তেজৰে লুটুৰি-পুতুৰি হৈ থকা অৱস্থাত যুৱক তিনিজনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমান দুৰ্ঘটনাগ্ৰস্ত বাহন আৰক্ষীয়ে জব্দ কৰিছে আৰু ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।

মন্তব্যসমূহ

ALL AAOINL24 NEWS

জালুকবাৰীত যাত্ৰীক প্ৰতাৰণা: মাজপথত বাছ কণ্ডাক্টৰৰ গুণ্ডাগিৰি, আক্ৰমণৰ চেষ্টা

দেশত পুনৰ মূল্যবৃদ্ধিৰ কোব: আকাশলংঘী হ’ল পেট্ৰ’ল-ডিজেলৰ দাম

প্ৰাপ্য ধন বিচাৰি ভাবুকিৰ সন্মুখীন মৰাণৰ এজন শ্রমিক: সহায়ৰ আহ্বান

অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা: ২৬টা সমষ্টিৰ নাম চূড়ান্ত

অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

মধ্যপ্ৰদেশৰ ছিংলাউলী জিলাত অৱস্থিত আদানি পাৱাৰ প্লাণ্টত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঝাৰখণ্ডৰ বাসিন্দা লল্লন সিং নামৰ শ্ৰমিকগৰাকীৰ মৃত্যুৰ পাছতে শনিবাৰে প্লাণ্ট চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

মোবাইল ৰিচাৰ্জ হ’ব সুলভ; TRAI-ৰ নতুন পৰিকল্পনাৰ দ্বাৰা কোন লাভান্বিত হ’ব, জানক

ৰৌমাৰীত দেশপ্ৰেমৰ অনন্য নিদৰ্শন: বীৰ জোৱানসকলক সন্মান জনাই তিনিদিনীয়া সাংস্কৃতিক সন্মিলনৰ আয়োজন

কাৰ্বি আংলংত ৰাইজৰ হাতত আটক ৫ জনীয়া গৰু চোৰৰ দল