প্ৰাপ্য ধন বিচাৰি ভাবুকিৰ সন্মুখীন মৰাণৰ এজন শ্রমিক: সহায়ৰ আহ্বান
কপালৰ ঘাম মাটিত পেলাই কাম কৰাৰ পাছতো নিজৰ প্ৰাপ্য হাজিৰা বিচাৰি এতিয়া প্ৰাণৰ সংশয়ত ভুগিছে মৰাণৰ এজন দৰিদ্ৰ শ্ৰমিক। ভুক্তভোগী শ্রমিকজনৰ নাম বাবু দত্ত, যাৰ ঘৰ মৰাণত।
বাবু দত্তই জনোৱা মতে, বিহুৰ পূৰ্বে তেওঁ অভিজিত বৰুৱা নামৰ এজন ব্যক্তিৰ অধীনত ONGC-ৰ কেবলৰ কামত নিয়োজিত হৈছিল। অভিজিত বৰুৱাৰ ঘৰ মাহমৰা বৰবিলত বুলি জানিব পৰা গৈছে। অত্যন্ত কষ্টৰে কাম সম্পূৰ্ণ কৰাৰ পাছত বাবু দত্তই পাবলগীয়া হৈছিল ১৮,০০০ টকা। কিন্তু দুর্ভাগ্যবশতঃ কাম শেষ হোৱাৰ আজি ২ মাহ অতিক্ৰম কৰাৰ পাছতো তেওঁক প্রাপ্য ধন আদায় দিয়া হোৱা নাই।
বাবু দত্তৰ আটাইতকৈ চাঞ্চল্যকৰ অভিযোগটো হ’ল, যেতিয়াই তেওঁ নিজৰ প্ৰাপ্য ধন বিচাৰে, তেতিয়াই অভিজিৎ বৰুৱা নামৰ ব্যক্তিজনে তেওঁক অকথ্য গালি-গালাজ কৰে। কেৱল গালি-গালাজতে ক্ষান্ত নাথাকি, তেওঁক মাৰপিট কৰাৰ আৰু প্ৰাণে মাৰি পেলোৱাৰ ভয়ংকৰ ভাবুকি প্ৰদান কৰা বুলি বাবু দত্তই উল্লেখ কৰিছে। নিজৰ পৰিশ্ৰমৰ মূল্য বিচৰাটো জানো অপৰাধ? আজি এই শ্ৰমিকজনে নিজৰ জীৱনৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে।
বৰ্তমান বাবু দত্ত শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে।পৰিয়ালৰ ভৰণ-পোষণৰ লগতে নিজৰ চিকিৎসাৰ বাবেও তেওঁৰ হাতত ধন নাই। হাতত কাম নাই আৰু পাবলগীয়া ধনো হাতলৈ নহাত তেওঁ ঘোৰ আৰ্থিক সংকটত দিন কটাইছে।যোৱা দুই মাহ ধৰি তেওঁ এই দুৰ্বিষহ অৱস্থাত দিন কটাইছে।উপায়হীন হৈ তেওঁ এতিয়া সংবাদ মাধ্যম আৰু প্ৰশাসনৰ সহায় বিচাৰিছে।
ভুক্তভোগীয়ে প্রদান কৰা অভিযুক্ত অভিজিত বৰুৱাৰ ফোন নম্বৰটো হৈছে: 60006774671
প্ৰশাসন তথা সচেতন ৰাইজে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি দৰিদ্ৰ শ্ৰমিকজনক ন্যায় প্ৰদান কৰিবনে? সেয়া এতিয়া লক্ষ্যণীয় হ’ব।


মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন