টিহু চ'কৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা: তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু এটি পোহনীয়া গৰুৰ
টিহু, ৭ এপ্ৰিল:
প্ৰাপ্ত খবৰ অনুসৰি, আজি দুপৰীয়া প্ৰায় ১০ বজাত এখন তীব্ৰবেগী ট্ৰাকে পথৰ দাঁতিত থকা গাই গৰুটোক প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দা ইমানেই ভয়াবহ আছিল যে গৰুটো থিতাতে মৃত্যুমুখত পৰে। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই চালকজনে ট্ৰাকখন লৈ ঘটনাস্থলীৰ পৰা দ্ৰুতগতিত পলায়ন কৰে।
দুৰ্ঘটনাটোৰ শব্দ শুনি কাম কৰি থকা কৰ্মচাৰী সকল ততাতৈয়াকৈ ওলাই আহে যদিও ট্ৰাকখন কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল। বৰ্তমানলৈকে মৃত গৰুটোৰ গৰাকীৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাই।
"তীব্ৰবেগী বাহনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো দিনক দিনে বিপদজনক হৈ পৰিছে। দিন-দুপৰতে এনেদৰে এটা নিৰীহ পশুৰ মৃত্যু হোৱাটো অতিশয় দুৰ্ভাগ্যজনক।"
ঘটনাটোৰ পাছত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
মৃত গৰুটোৰ গৰাকীক চিনাক্ত কৰিবলৈ স্থানীয় ৰাইজে চেষ্টা চলাই আছে।
ৰাষ্ট্ৰীয় ঘাইপথত বৃদ্ধি পোৱা বাহনৰ অনিয়ন্ত্ৰিত গতিবেগক লৈ স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে আৰু আৰক্ষীৰ কঠোৰ হস্তক্ষেপ দাবী কৰিছে।




মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন