অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

 নতুন দিল্লী, ১৯ মাৰ্চ ২০২৬: নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে (AICC) আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে আজি ২২গৰাকী প্ৰাৰ্থীৰ এক তালিকা ঘোষণা কৰিছে। আজি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে. চি. বেণুগোপালে।
দৰাচলতে, কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে কেইবাগৰাকীও অভিজ্ঞ ব্যক্তি আৰু নতুন মুখক নিৰ্বাচন কৰিছে।

ঘোষিত তালিকা অনুসৰি:

অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি:
৩ নং কোকৰাঝাৰ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে মাণিক চন্দ্ৰ ব্ৰহ্মই।
১৯ নং ছিডলী চিৰাং সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে মতলাল নাৰ্জাৰীয়ে।
৪২ নং বাক্সা সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে জগদীশ মাদাহীয়ে।
৪৩ নং তামুলপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে ৰফী ডাইমাৰীয়ে।
৪৬ নং ওদালগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে সোৰেন ডাইমাৰীয়ে।
৭৭ নং ধেমাজী সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে আনন্দ নৰহে।
১০৯ নং হাওৰাঘাট সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে সঞ্জীৱ টেৰণে।
মহিলা প্ৰাৰ্থী:
৪ নং বাওখুংৰী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে মিছ ছপাল মাৰাকে।
৮ নং ধুবুৰী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে মিছ বেবী বেগমে।
১০৬ নং খুমটাই সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে মিছ ৰোজলিনা তিৰ্কীয়ে।
অন্যান্য সমষ্টিসমূহ:
৫ নং পৰ্বতঝোৰা সমষ্টিৰ পৰা এমডি আশ্ৰাফুল ইছলাম শ্বেখে।
১২ নং জলেশ্বৰ সমষ্টিৰ পৰা আফতাব উদ্দিন মোল্লাহে।
১৬ নং অভয়াপুৰী সমষ্টিৰ পৰা প্ৰদীপ সৰকাৰে।
২৩ নং চেঙা সমষ্টিৰ পৰা আব্দুৰ ৰহিম আহমেদে।
২৫ নং পাকেতবাৰী সমষ্টিৰ পৰা জাকিৰ হুছেইন শিকদাৰে।
৫৩ নং লাহৰীঘাট সমষ্টিৰ পৰা ডাঃ আচিফ মহম্মদ নাজাৰে।
৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টিৰ পৰা ডাঃ দুৰ্লভ চামুৱাই।
৬৯ নং চতিয়া সমষ্টিৰ পৰা সুনীল চেত্ৰীয়ে।
৭৪ নং ৰঙানদী সমষ্টিৰ পৰা জয়ন্ত খাউণ্ডে।
৭৬ নং লখিমপুৰ সমষ্টিৰ পৰা ঘানা বুঢ়াগোহাঁইয়ে।
৮৫ নং মাকুম সমষ্টিৰ পৰা শিৱনাথ চেত্ৰীয়ে।
১২২ নং আলগাপুৰ-কাটলীচেৰা সমষ্টিৰ পৰা জুবেৰ আনাম মজুমদাৰে।

কংগ্ৰেছে ঘোষণা কৰা এই ২২গৰাকী প্ৰাৰ্থীৰ তালিকাত অভিজ্ঞ ৰাজনীতিবিদৰ লগতে কেবাগৰাকীও নতুন মুখ অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাই নিৰ্বাচনত কংগ্ৰেছৰ স্থিতি অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, অসম বিধানসভা নিৰ্বাচন ২০২৬ সমাগত। নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু সকলো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কংগ্ৰেছেও এই নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে আৰু প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

মন্তব্যসমূহ

ALL AAOINL24 NEWS

জালুকবাৰীত যাত্ৰীক প্ৰতাৰণা: মাজপথত বাছ কণ্ডাক্টৰৰ গুণ্ডাগিৰি, আক্ৰমণৰ চেষ্টা

দেশত পুনৰ মূল্যবৃদ্ধিৰ কোব: আকাশলংঘী হ’ল পেট্ৰ’ল-ডিজেলৰ দাম

প্ৰাপ্য ধন বিচাৰি ভাবুকিৰ সন্মুখীন মৰাণৰ এজন শ্রমিক: সহায়ৰ আহ্বান

অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা: ২৬টা সমষ্টিৰ নাম চূড়ান্ত

টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা: জেচিবি আৰু বাইকৰ মুখামুখি সংঘৰ্ষত তিনি যুৱক গুৰুতৰভাৱে আহত

মধ্যপ্ৰদেশৰ ছিংলাউলী জিলাত অৱস্থিত আদানি পাৱাৰ প্লাণ্টত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঝাৰখণ্ডৰ বাসিন্দা লল্লন সিং নামৰ শ্ৰমিকগৰাকীৰ মৃত্যুৰ পাছতে শনিবাৰে প্লাণ্ট চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

মোবাইল ৰিচাৰ্জ হ’ব সুলভ; TRAI-ৰ নতুন পৰিকল্পনাৰ দ্বাৰা কোন লাভান্বিত হ’ব, জানক

ৰৌমাৰীত দেশপ্ৰেমৰ অনন্য নিদৰ্শন: বীৰ জোৱানসকলক সন্মান জনাই তিনিদিনীয়া সাংস্কৃতিক সন্মিলনৰ আয়োজন

কাৰ্বি আংলংত ৰাইজৰ হাতত আটক ৫ জনীয়া গৰু চোৰৰ দল