গৰু বিহুৰ আনন্দৰ মাজতে শোকৰ ছাঁ: কৃষ্ণাই নদীত ডুবি যমজ ভাতৃৰ মৃত্যু
গোৱালপাৰা, ১৪ এপ্ৰিল: সমগ্ৰ ৰাজ্যবাসীয়ে চেনেহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে গোৱালপাৰাত এক অতি হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। গৰু বিহুৰ পবিত্ৰ দিনটোতে গৰু গা ধুৱাবলৈ গৈ সলিল সমাধি ঘটে দুই যমজ ভাতৃৰ।
প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ কৃষ্ণাই টেঙাবাৰী গাঁৱৰ বাসিন্দা দীপাংকৰ নাথ আৰু দেৱাশীষ নাথ নামৰ যমজ ভাতৃদ্বয় আজি পুৱা ঘৰৰ গৰু কেইটা লৈ কৃষ্ণাই নদীলৈ গৈছিল। নদীত গৰু গা ধুৱাই থকা অৱস্থাতে হঠাতে দুয়ো গভীৰ পানীত সোমাই পৰে আৰু দুৰ্ভাগ্যজনকভাৱে সলিল সমাধি ঘটে।
এই শোকাৱহ ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ কৃষ্ণাই অঞ্চলতে শোকৰ ছাঁ পৰিছে। বিহুৰ আনন্দৰ পৰিৱৰ্তে এতিয়া কেৱল কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, দুই ভাতৃ অত্যন্ত মৰমীয়াল আছিল। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। একেখন চিতাৰ জুইত জাহ যাব লগা দুই উদীয়মান যুৱকৰ এই কৰুণ মৃত্যুৰ বাবে সমগ্ৰ গোৱালপাৰাতে শোকৰ পৰিৱেশ সৃষ্টি হৈছে।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন