ৰৌমাৰীত উলহ-মালহেৰে ঈদ উদযাপনৰ প্ৰস্তুতি: পুৱা ৮:৩০ বজাত অনুষ্ঠিত হ’ব নামাজ
ৰৌমাৰী:
সমগ্ৰ দেশৰ লগতে ৰৌমাৰীতো পবিত্ৰ ঈদ-উল-ফিতৰক লৈ ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। দীঘলীয়া এমাহৰ ৰোজা পালনৰ অন্তত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ অহা এই উৎসৱৰ বাবে এতিয়া উখল-মাখল পৰিৱেশ।এই উপলক্ষে ৰৌমাৰী কেন্দ্ৰীয় ঈদগাহ সমিতিয়ে জনোৱা অনুসৰি, এইবাৰ ৰৌমাৰী ঈদগাহ ময়দানত ঈদ-উল-ফিতৰৰ নামাজ ৰাতিপুৱা ঠিক ৮:৩০ বজাত অনুষ্ঠিত কৰা হ’ব।
নিউজৰ বিশেষ দিশসমূহ:
স্থান: ৰৌমাৰী ঈদগাহ ময়দান।
সময়: পুৱা ৮:৩০ বজাত।
প্ৰস্তুতি: নামাজৰ বাবে ঈদগাহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ঈদগাহ সমিতিয়ে সমূহ ৰৌমাৰী অঞ্চলৰ ইছলামধৰ্মী ৰাইজক নিৰ্ধাৰিত সময়ত উপস্থিত হৈ নামাজত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। নামাজৰ অন্তত দেশ তথা বিশ্বৰ শান্তিৰ বাবে বিশেষ দোৱা কৰা হ’ব।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন