ৰূপজ্যোতি কুৰ্মীৰ আধাৰশিলা নে প্ৰতাৰণা?

 এই মুহূৰ্তত এক বিশেষ খবৰ লৈ মই আপোনালোকৰ কাষ চাপিছোঁ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আধাৰশিলাৰ জোৱাৰ উঠিছে। কিন্তু এই আধাৰশিলা সঁচাকৈ উন্নয়নৰ বাবে নে কেৱল ভোটৰ অংক? আজি আমাৰ হাতলৈ আহিছে মৰিয়নিৰ সমষ্টিৰ এক গুৰুত্বপূৰ্ণ খবৰ।




যোৱা ১৩ মাৰ্চ তাৰিখে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে লুখুৰাখন গাঁও আৰু ধোদৰ আলি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে। কিন্তু এই আধাৰশিলাক লৈ এতিয়া Gyanashree Bora তীব্ৰ প্ৰশ্ন। কাৰণ—

প্ৰশ্ন ১: সময়ৰ খেল নেকি? নিৰ্বাচনী আচৰণ বিধি (Code of Conduct) বলবৎ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী। তাৰ পাছত নতুন চৰকাৰ নহালৈকে কোনো চৰকাৰী কাম সম্ভৱ নহয়। তেন্তে বাৰিষা অহাৰ সময়ত এই পথৰ নিৰ্মাণ কেতিয়া হ’ব? নে এয়া কেৱল এটা নিৰ্বাচনী চমক?

প্ৰশ্ন ২: লোকতান্ত্ৰিক অধিকাৰত আঘাত? উত্থাপিত অভিযোগ অনুসৰি, একাংশ ৰাইজক কোৱা হৈছে যে যদি কোনোবাই বিৰোধী দলৰ সভা-সমিতিলৈ যায়, তেন্তে সেই পথ নিৰ্মাণ কৰা নহ’ব। গণতন্ত্ৰত ৰাইজৰ কৰৰ ধনেৰে হ’বলগীয়া কামত এনেদৰে ভাবুকি দিয়াটো কিমান যুক্তিসংগত?

প্ৰশ্ন ৩: নথিপত্ৰৰ স্বচ্ছতা ক’ত? বিধায়ক মহোদয়ে এই পথ নিৰ্মাণৰ বাবে কিমান ধন মঞ্জুৰ হৈছে আৰু ইয়াৰ কাৰিকৰী নথিপত্ৰ (Documents) ৰাজহুৱা কৰিব পাৰিবনে?

 প্ৰশ্ন কৰিছে— এয়া উন্নয়নৰ আৰম্ভণি নে আধাৰশিলাৰ নাটক কৰি ৰাইজক প্ৰতাৰণা কৰাৰ এক কৌশল? নে কেৱল ভোট পাবলৈহে এই দৌৰা-দৌৰি? সচেতন মহলে এতিয়া বিধায়কগৰাকীৰ পৰা ইয়াৰ স্পষ্ট উত্তৰ বিচাৰিছে।

মন্তব্যসমূহ

ALL AAOINL24 NEWS

জালুকবাৰীত যাত্ৰীক প্ৰতাৰণা: মাজপথত বাছ কণ্ডাক্টৰৰ গুণ্ডাগিৰি, আক্ৰমণৰ চেষ্টা

দেশত পুনৰ মূল্যবৃদ্ধিৰ কোব: আকাশলংঘী হ’ল পেট্ৰ’ল-ডিজেলৰ দাম

প্ৰাপ্য ধন বিচাৰি ভাবুকিৰ সন্মুখীন মৰাণৰ এজন শ্রমিক: সহায়ৰ আহ্বান

অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা: ২৬টা সমষ্টিৰ নাম চূড়ান্ত

টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা: জেচিবি আৰু বাইকৰ মুখামুখি সংঘৰ্ষত তিনি যুৱক গুৰুতৰভাৱে আহত

অসম বিধানসভা নিৰ্বাচন ২০২৬: কংগ্ৰেছৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

মধ্যপ্ৰদেশৰ ছিংলাউলী জিলাত অৱস্থিত আদানি পাৱাৰ প্লাণ্টত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঝাৰখণ্ডৰ বাসিন্দা লল্লন সিং নামৰ শ্ৰমিকগৰাকীৰ মৃত্যুৰ পাছতে শনিবাৰে প্লাণ্ট চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

মোবাইল ৰিচাৰ্জ হ’ব সুলভ; TRAI-ৰ নতুন পৰিকল্পনাৰ দ্বাৰা কোন লাভান্বিত হ’ব, জানক

ৰৌমাৰীত দেশপ্ৰেমৰ অনন্য নিদৰ্শন: বীৰ জোৱানসকলক সন্মান জনাই তিনিদিনীয়া সাংস্কৃতিক সন্মিলনৰ আয়োজন

কাৰ্বি আংলংত ৰাইজৰ হাতত আটক ৫ জনীয়া গৰু চোৰৰ দল